Posts

বৈষ্ণো দেৱী মন্দিৰৰ (জম্মু-কাশ্মীৰ) বিষয়ে ৫টা আমোদজনক তথ্য

  আপুনি জানেনে যে ভাৰতৰ অন্যতম পবিত্ৰ তীৰ্থস্থান বৈষ্ণো দেৱী মন্দিৰলৈ প্ৰতি বছৰে লাখ লাখ দৰ্শনাৰ্থী আহে মন্দিৰ দৰ্শনৰ বাবে। এই মন্দিৰৰ কেতবোৰ আশ্বৰ্য্যজনক বিষয় আপুনি জানেনে? পঢ়কছোন.. ১) মন্দিৰৰ পথটো পোনপটীয়া নহয়! ভাৰতত উচ্চতাত অৱস্থিত কেইবাটাও তীৰ্থস্থান আছে। কিন্তু বৈষ্ণো দেৱীৰ ক্ষেত্ৰখন সম্পূৰ্ণ বেলেগ। মন্দিৰটো প্ৰায় ৫২০০ ফুট উচ্চতাত অৱস্থিত। মন্দিৰত উপনীত হ’বলৈ হ’লে ভক্তসকলে ১৩ কিলোমিটাৰ দূৰত্বৰ পথ খোজ কাঢ়ি যাব লাগে। বহু তীৰ্থযাত্ৰীয়ে এই দুৰ্গম পথছোৱা খালী ভৰিৰে খোজ কাঢ়ি অতিক্ৰম কৰে। ২) বৈষ্ণো দেৱীৰ তাৎপৰ্য্যত ভগৱান ৰামৰ ভূমিকা আপুনি হয়তো ভাবিব পাৰে যে কাহিনীটোত ভগৱান ৰামে কি ভূমিকা পালন কৰিছিল আৰু বৈষ্ণো দেৱীৰ তাৎপৰ্য্য কি! কিন্তু আপুনি জানি আচৰিত হ’ব যে মাতা বৈষ্ণো দেৱীয়ে ৰাৱণৰ বিৰুদ্ধে ভগৱান ৰামৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নৱৰাত্ৰী পালন কৰিছিল। ভগৱান ৰামে কৃতজ্ঞতাৰ চিহ্ন স্বৰূপে মাতা বৈষ্ণো দেৱী হিচাপে জগতে তেওঁক পূজা কৰিব বুলি বৰ দি কৰিছিল। সেই অনুসৰি ভগৱান ৰামৰ আশীৰ্বাদেই মাতা বৈষ্ণো দেৱীক অমৰ কৰি তুলিছিল আৰু তেওঁৰ মন্দিৰক ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান কৰি...